পৃষ্ঠা:জলকীয়াৰ পুনৰ্জীৱন অভিযান আৰু অন্যান্য.pdf/৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সম্পাদিকাৰ এষাৰ

সামাজিক দায়বদ্ধতা সুলেখকৰ প্ৰধান কৰ্তব্য। মন গ'লেই কিবাকিবি লিখি কাকত আলোচনীৰ পৃষ্ঠা বা ফেচবুকৰ ৱাল ভৰাই স্ব-মানসিক তৃপ্তি পোৱাত বাদে ই ভাষা-সাহিত্য-সমাজৰ কোনো দিশত একো উপকাৰ নকৰে। লেখকে প্ৰথম মানসিক তৃপ্তি বা তাড়নাৰ বাবেই লিখিবলৈ লয় যদিও, যিবোৰ লেখাই সমাজৰ ছবি ডাঙি ধৰিব পাৰে; তেনে লেখাইহে পাঠকৰ অন্তৰ স্পৰ্শ কৰে। বৰ্তমানকালত ফেচবুক ব্যৱহাৰকাৰীৰ সংখ্যা গণিব নোৱৰা। বহু ক্ষেত্ৰত বহুতে ইয়াক সমাজৰ মূল্যবোধৰ অৱক্ষয়ৰ কাৰণ হিচাপে চিহ্নিত কৰিলেও ইয়াক ধনাত্মক দিশত ব্যৱহাৰ কৰিলে ফেচবুকৰপৰা সমাজে ক্ষতিতকৈ লাভ বেছিকৈ পাব পাৰে। বহুক্ষেত্ৰত এই লাভ। প্ৰত্যক্ষ কৰাও হৈছে। বহু প্ৰতিষ্ঠিত লেখকে ইয়াত মূল্যৱান লেখা লিখাৰ উপৰি অখ্যাত আৰু কোনোদিনেই লিখিবলৈ সাহস নকৰা লোকেও লিখি পিছলৈ লিখনিত পূৰ্ণতা আনিবলৈ সক্ষম হৈছে। সুখৰ কথা যে, অসমীয়া সাহিত্যই ফেচবুকৰ পাতৰপৰাই কেইবাখনো পুথি যোৱা বছৰকেইটাত লাভ কৰি নিজৰ ভঁৰাল চহকী কৰিছে।

 মোৰ ফেচবুক জ্যেষ্ঠবন্ধু শ্ৰদ্ধাৰ শ্ৰীযুত সুৰেন গোস্বামী ছাৰ এগৰাকী সামাজিক দায়িত্বসম্পন্ন লোক। বন্ধুত্ব হোৱাৰেপৰা তেখেতৰ প্ৰতিটো লেখাতে সামাজিক দায়বদ্ধতাৰ সুৰ স্পষ্টকৈ শুনা পাওঁ। কবিতা, ৰসৰচনা আৰু টুকুৰা অনুভৱবোৰত সমাজত সঘনাই ঘটি থকা ক্ষতিকাৰক বিষয়সমূহত আলোকপাত কৰি তেখেতে নিজৰ দায়বদ্ধতাৰ প্ৰমাণ দি থৈছে।

 তেনে বহু লেখাৰ মাজৰে “জলকীয়াৰ পুনৰ্জীৱন অভিযান” এক উল্লেখযোগ্য লেখা। ধাৰাবাহিক এই ব্যংগ লেখাটোৰ দ্বাৰা তেখেতে সমাজত ৰাজনীতিৰপৰা সমাজনীতি আৰু শিক্ষানীতিৰ পৰা ধৰ্মীয় নীতিলৈ সকলো দিশৰ বৰ্তমানৰ প্ৰচলিত ৰূপক ব্যংগৰ মাজেৰে উদঙাই দিছে। “ভূতে পালে সকলোকে” বা অন্যান্য বহু