পৃষ্ঠা:জলকীয়াৰ পুনৰ্জীৱন অভিযান আৰু অন্যান্য.pdf/৩৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৬

টিলিকাতে, আৰু সভাই- সমিতিয়ে আসনো পালে আগত। এনেবোৰ চমকপ্ৰদ ব্যৱস্থা সমাজত খোলাখুলিকৈ থকাৰ পিছত মোৰ এই “জলকীয়াৰ জলা” বিষয়ত কৰা গৱেষণাই কিজানি মোকো ‘ডঃ’ উপাধিটো লিখিবলৈ দি কৃপা কৰায়েই! এই বিষয়ত সাৰ্থক হ’লে মই জলকীয়াজোপাক আশীৰ্বাদ দিম— “হে জলকীয়া! তোমাৰ বীজে যেন জনমে জনমে জলাহীন জলকীয়াৰ জনম দি মোৰ দৰে হাজাৰজনক ডক্টৰেট ডিগ্ৰী দিবলৈ শক্তিৱন্ত হোৱা, তাৰবাবে মূৰৰ চুলি চিঙি আশীৰ্বাদ কৰিলোঁ।”

 কথাটো মনলৈ অহাৰ লগে লগে চমকি উঠা বিজুলীৰ দৰে মোৰ মনটো উৎসাহিত হৈ উঠিল। মই গাড়ীৰ স্পীড বঢ়াই দিবলৈ সাহস পালোঁ। ভাবিলোঁ সন্ধিয়া হৈ আহিছে; আজিয়েই গুৱাহাটীলৈ যোৱাৰ পৰিৱৰ্তে মোৰ গাঁও বেজকুছিলৈকে যাওঁ। ইয়াৰপৰাই মই জলকীয়াৰ বীজ আৰু গোবৰ মিহলি সাৰুৱা মাটি নিছিলোঁ। মই অনুসন্ধান কৰিম, সেই জাতৰ অন্য জলকীয়াত জলা আছে নে নাই।’

 মই আহি গাঁৱৰ সত্ৰাধিকাৰৰ ঘৰতে আলহী হ’লোঁ। আগেও মই এইফালে আহিলে বেছিভাগ সত্ৰাধিকাৰ প্ৰভুৰ ঘৰতে থাকোঁ। সত্ৰাধিকাৰ প্ৰভু বৰ নৈষ্টিক৷ নিয়ম-নীতি মনা নমনা সম্পৰ্কে মাজে সময়ে প্ৰভুৰ লগত মোৰ সৰু-সুৰা তৰ্ক- বিতৰ্কও নলগা নহয়; তথাপি প্ৰভুৱে মোক ভাল পায় আৰু তাতেই থকাটো বিচাৰে৷

 মই গাড়ীখন প্ৰভুহঁতৰ চোতাললৈকেই নি তাতেই ৰাখিলোঁ। প্ৰাথমিক কথা বতৰাৰ পিছত চাহ একাপ খাই “মই অলপ আহোঁ ৰ’ব” বুলি কৈ অলপ দূৰতে থকা জলেশ্বৰহঁতৰ ঘৰলৈ ওলালোঁ। জলেশ্বৰৰ পৰাই মই জলকীয়াৰ পুলি নিছিলোঁ৷

 মই গৈ পাওঁতে বাৰাণ্ডাত থিয় হৈ থকা জলেশ্বৰে ক’লে, “হাও! খুৰাচুন! ক’ৰপৰা আহিল হঠাতে? বহক” বুলি চেয়াৰখনলৈ আঙুলিয়াই দিলে। মই চেয়াৰখনত বহি ক’লোঁ, “আহিছিলোঁ পাঠশালাৰ পিনে, কাম এটা আছিল। এনেয়ে ইয়াত সোমাই যাওঁ বুলিহে সোমালো।”

 “বৰ ভাল কৰিলে। “এইবুলি কৈয়েই জলেশ্বৰে অলপ ডাঙৰকৈ ঘৈণীয়েক মামুক ক’লে “হেৰা, খুৰা আহিছে হে! চাহকে কৰা অলপ।”

 “চাহ নালাগে দে” বুলি ক’বই খুজিছিলোঁ, এনেতে চকুত পৰিল। বাৰাণ্ডাৰ একোণত এপাচিমান বন্ধাকবি, ওলকবি আৰু জলকীয়া। মই সুধিলোঁ, “ইমানবিলাক