পৃষ্ঠা:জলকীয়াৰ পুনৰ্জীৱন অভিযান আৰু অন্যান্য.pdf/২৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩

মন্দিৰৰপৰা মই নিৰাশ মনেই খোজকাঢ়ি উভতি আহি আছিলোঁ। নিৰাশ বুলিলে মোৰ জলকীয়াৰ জলা আনিব নোৱৰাৰ বাবে নহয়, দেৱীক দৰ্শন কৰিব নোৱৰাতহে নিৰাশ।

 এই নিৰাশাই মোক মোৰ বিবেকক সুধিবলৈ বাধ্য কৰিলে। আজি মোৰ পথত সহযাত্ৰী মাত্ৰ মোৰ বিবেক আৰু মই। যিমানেই মোৰ সামাজিক বন্ধু নাথাকক কিয়, এই মুহূৰ্তত কথা পাতিবলৈ মোৰ বিবেকেই মোৰ সংগী। সেই বিবেকৰেই বা যুক্তি কি তাৰৰ গম লৈ চাওঁ। ‘আছে গৰু নাবায় হাল’ৰ দৰে তাক এনেয়ে মগজুত বহাই ৰাখি খুৱাই বুৱাই ৰখাৰতো সকাম নাই! একেবাৰে ব্যৱহাৰ নকৰিলে তাতেই এদিন মামৰে ধৰিব। সেয়ে দুয়ো কথা পতা উচিত বুলি ভাবিলোঁ।

 মই তাক সুধিলোঁ, “আচ্ছা! লক ডাউনৰ বাবে যদি দেৱীক দুমাহলৈ ৰক্তপান নকৰাকৈ ৰাখিব পাৰে, সেইটোকে দেৱীয়ে সেই যোগানধাৰী ব্ৰাহ্মণসকলৰ দোষ বুলি আৰু তেওঁলোক শাস্তিৰ যোগ্য বুলি নাভাবেনে?”

 বিবেকে উত্তৰ দিলে, “তই এটা জধা মুৰ্খ। দেৱীক কোনোবাই দেখিছেনে? দেৱীয়ে সেইকেইজনক যোগানধাৰী হিচাপে নিযুক্তি দিয়া বুলি তই ভাবিব পাৰিলি কেনেকৈ? অৱশ্যে পাৰিব পাৰ; তোৰ দৰে বিশ্বাসত বিশ্বাসী এজনৰ বাবে একো আচৰিত নহয়। স্বৰ্গৰ দেৱী হৈ মৰ্ত্যৰ এটা নিঃকিন লোকক তেওঁৰ খাদ্য যোগানৰ বাবে নিযুক্তি দিব পাৰে বুলি ভবাটো তোৰ নিচিনা মুৰ্খৰ বাবে আচৰিত নহয়।”

 —“তেন্তে এইসকলে দেৱীৰ বাবে ইমান বলি দিয়ে কিয়?”

 —“সেইটোৱে সিহঁতৰ ব্যৱসায়। দেৱীৰ নামত, পৰম্পৰাৰ নামত জনতাক মুৰ্খ সজাই অবাধ সম্পদ আহৰণ কৰাটোৱে তেওঁলোকৰ ব্যৱসায়। এই লালসাতেই সমগোত্ৰ জীৱকো হত্যা কৰিবলৈ ইতঃস্থত নকৰে।”

 —“বাৰু ধৰি ল'লোঁ, সেইসকলক নিযুক্তিয়েই দিছে। কিন্তু দেৱীৰ পিয়াহ পলুৱাবলৈ কিমান ৰক্ত লাগে, কিমানটা আৰু কি কি জীৱক হত্যা কৰিবলৈ দেৱীয়ে তেওঁকক অনুমতি দিছে, এইবোৰ দেৱীয়ে কাৰ দ্বাৰা চোৱা-চিতা কৰে? দেখিছোঁ, কেতিয়াবা কেতিয়াবা এজোৰ পাৰ, এটা হাঁহ বা কেতিয়াবা একেলগে হাজাৰ হাজাৰটা ছাগলী, ম'হ, হাঁহ, পাৰ ফল-মূল, লাউ, কোমোৰা, কুঁহিয়াৰ আদি বলি দিয়ে। ইয়াৰ উপৰিওতো মাহ-প্ৰসাদ, ফলমূল ইত্যাদিও আছেই। ইমানবোৰ দেৱীয়ে গ্ৰহণ কৰিব পাৰেনে?”