পৃষ্ঠা:জলকীয়াৰ পুনৰ্জীৱন অভিযান আৰু অন্যান্য.pdf/১৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫

উৎকৃষ্ট পৰামৰ্শবোৰৰ অন্যতম। এনে তাবিজ দিয়া মহাপুৰুষ-মহাপুৰুষণী অসমৰ চুকে-কোণে বহুতো আছে। তথাপি মোৰ ভালকৈ জনাত, পাটাছাৰকুছিৰ উত্তৰে এখন আনন্দপুৰ নামৰ গাঁৱত এজন নাম জ্বলা সত্ৰাধিকাৰ আছে। ৰাতিপুৰাতে মই গাড়ীত দুহাজাৰ টকাৰ পেট্ৰ’ল ভৰাই যাত্ৰা কৰিলোঁ পাটাছাৰকুছিলৈ। এজন প্ৰখ্যাত লোক, সকলোৱে চিনি পায়। সুধি সুধি তেখেতৰ ঘৰ পালোঁ। এটা আটোমৰ টোকাৰিকৈ বন্ধা অসম আৰ্হিৰ ঘৰ। প্ৰায় চাৰি-পাঁচ বিঘামান মাটিত বন্ধা আৰু নানা গছ-গছনিৰে ভৰা চৌহদটোৰ সন্মুখফালে পকী দেৱাল আৰু বাকী তিনিফালে মজবুত তাঁৰেৰে বন্ধা বেৰ। সেই ভিতৰুৱা গাঁৱৰ মাজত এনে ঘৰ-দুৱাৰ সাজিব পৰাজন কম ভাগ্যৱান হ’বনে। ৰাস্তা-ঘাট এতিয়াও পকী কৰিবলৈ চৰকাৰৰ সাহস হোৱা নাই। অধিকাংশ লোকেই পেটে ভাতে খোৱা খেতিয়ক। তাৰ মাজত প্ৰভুই একমাত্ৰ ভগৱান ভক্ত হোৱাৰ বাবেই যে এনে আশীৰ্বাদ পাইছে, সেয়া বুজিবলৈ মোৰ অলপো সময় নালাগিল। তাবিজ দিয়া, আঙঠি দিয়া, বিয়া-বাৰুত দৰা- কইনাৰ জোৰা চোৱা আৰু তেওঁলোকৰ ভৱিষ্যত কৈ দিয়া, লোকক বেদ দিয়া, ভাগৱত পাঠ কৰা, সময়ে সময়ে সৰস্বতী পূজা, লক্ষ্মীপূজা, বিশ্বকৰ্মা পূজা, নাৰায়ণ পূজা ইত্যাদি ইত্যাদি কৰ্মেৰেও প্ৰভুৱে সমাজ সেৱা কৰি আছে। গীতাত কৈছে পৰোপকাৰেই হেনো পৰম ধৰ্ম। এই ধৰ্ম পালন কৰাৰ বাবেই ঈশ্বৰে তেওঁক সেই দৰিদ্ৰ গাঁৱত অকলেই আশীৰ্বাদপুষ্ট হৈ সুখেৰে জীৱন কটাবলৈ সম্পদৰ আধিক্য দিছে।

 এনে এজন মহান প্ৰভুৰ চৌহদ দেখিয়েই মোৰ মনত আশাৰ সঞ্চাৰ হৈ পৰিল। ভগৱানে যেন মোকো উচিত পথকেই দেখুৱালে। মই ঘপহকৈ খোলা গেটেৰে সোমাই গ'লোঁ। চোতালত থিয় হৈয়েই “প্ৰভু আছেনে? “বুলি মাত দিওঁতে এজনী সৰু ছোৱালী ওলাই আহিল আৰু ক'লে, “অ’আতাই গহে ঘৰোত আছে দক। আপ্নি অলপ বহকচুন।” এই বুলি তাই বাৰাণ্ডাৰপৰা চকী এখন নমাই আনি মোক চোতালতে বহিবলৈ দিলে। মই অলপ ইফালে-সিফালে চাই চকীত বহি অপেক্ষা কৰিলোঁ।

 দহ মিনিটমান পিছত প্ৰভু ওলাই আহিল। পিন্ধনত শুভ্ৰ ধূতি, উদং শৰীৰৰ ওপৰত কান্ধত এখন গামোচা। বয়স আনুমানিক ৮৫-৯০। তথাপি সুন্দৰ চেহেৰা, ওলোমা পেট, শুভ্ৰ যজ্ঞ-পৱিতে কান্ধৰপৰা ওলমি প্ৰভুৰ সৌন্দৰ্য্য আৰু চৰাইছে।