পৃষ্ঠা:জন্মাষ্টমী.pdf/৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

জন্মাষ্টমী




 ১। আজি যি জনাৰ প্ৰেৰণাত জগত বাসী অন্তৰ্ম্মুখী হৈ জ্ঞান, বিজ্ঞান, তদঙ্গ, ৰহস্য আদি সকলো বিষয়তে উৎকৰ্ষ সাধন কৰি জীৱন চৰিতাৰ্থ কৰিব লাগিছে, আজি যি জনাৰ মধুৰ পবিত্ৰ বাণীয়ে জগতবাসীক উত্তিষ্ঠ, জাগ্ৰত আৰু উদ্বুদ্ধ কৰি ৰাখিছে সেই জন৷ ভগৱম্ভ শ্ৰীকৃষ্ণৰ জন্মতিথি। আজি যি জনাৰ হৃদয়স্পৰ্শী বাক্যে “উত্তিষ্ঠত জাগ্ৰত প্ৰাপ্য বৰান্নিবোধত” বুলি সকলোৰে অন্তৰত বিমল স্পন্দন কৰাব লাগিছে সেই জনা বিশ্ব চৈতনাময় শ্ৰীকৃষ্ণৰ জন্মতিথি। আজি ভাদ মাহৰ কৃষ্ণপক্ষ অষ্টমী তিথি।