পৃষ্ঠা:জন্মাষ্টমী.pdf/৩৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
জন্মাষ্টমী
৩১

তেতিয়া ঘাতপ্ৰতিঘাত হব ধৰিলে; তেতিয়া ভীষণ আন্দোলন, আলোড়ন, স্পন্দন হব ধৰিলে। ফলত মেঘৰ মাজত বিজুলী চমক ওলোৱাদি চৈতন্যময় কৃষ্ণজ্যোতি প্ৰকাশ হল। ঠিক এইদৰে মানৱ জীৱনো যেতিয়া ঘোৰ তম গুণত আবৃত থাকে, সৎ অসৎ ধৰ্ম্ম অধৰ্ম্মৰ নিৰ্ণয় কৰা শক্তি নথকা হয়, তেতিয়া মানৱ অন্তৰত ভীষণ চিন্তাৰ আলোড়ন হয়; তেতিয়া হৃদয়ত স্পন্দন প্ৰতিস্পন্দন হব ধৰে। এনে অৱস্থাত পৰিলে কোনো কোনোৱে আত্মবিস্মৃত হৈ নিজক চম্ভালিব নোৱাৰি মৃত্যুক ৱৰণ কৰে। আকৌ কোনোৱে বা হৃদয়ত আত্মবোধ চৈতন্যজ্ঞান লাভ কৰে। এই আত্মবোধ লাভ কৰাই সৌভাগ্য।


 ২৩৷ মানৱ অন্তৰৰ সকলো তামসিক বৃত্তি নাশ কৰি হৃদয়ত আত্মবোধ জন্মিলে বিমল আনন্দ পোৱা যায়। জগতত কৃষ্ণৰ