পৃষ্ঠা:জন্মাষ্টমী.pdf/১৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
জন্মাষ্টমী
১৪

যেয়ে পথ দেখুৱাই দিয়ে তেৱেঁই আদৰ্শ পুৰুষ। সাংসাৰিক ক্ষুদ্ৰ ক্ষুদ্ৰ একোটি কৰ্ম্ম কৰিব লাগিলেই আমাক আদৰ্শ, আহিলা- পাতি লাগে। আদৰ্শ নহলে কৰ্ম্মত নিপুণতা লাভ কৰা অতি কঠিন। সকলে৷ কৰ্ম্মতকৈ উচ্চতম কৰ্ম্ম হৈছে ধৰ্ম্ম-সাধন কৰ্ম্ম। এই ধৰ্ম্ম কৰ্ম্ম, আদৰ্শ বিনা আয়ত্ত কৰা অতি দুষ্কৰ। সেই কাৰণে ধৰ্ম্ম কাৰ্য্যত আদৰ্শ এজনৰ আৱশ্যক হৈ পৰে। এই ধৰ্ম্ম কাৰ্য্যৰ আদৰ্শ যেই সেই আদৰ্শ হলে নহব। সম্পূৰ্ণ মানৱত্ব বিকাশ কৰি যাৰ শাৰীৰিক, মানসিক, আধ্যাত্মিক সকলো বৃত্তি সম্পূৰ্ণ স্ফুৰণ আৰু বিকশিত হৈছে তেৱেঁই এই ধৰ্ম্ম কাৰ্য্যৰ আদৰ্শ। এনেকুৱা সম্পূৰ্ণ স্ফুৰণ স্বয়ং ভগৱান ভিন্ন আৰু কাৰ হব পাৰে? সেই কাৰণে ভগৱন্ত কৃষ্ণ ৰূপ ধৰি আদৰ্শ পুৰুষ ৰূপে জগতত অৱতীৰ্ণ হৈছে। শ্ৰীকৃষ্ণ