কেনে কয় হেরা ছুতীয়ার রজা নাইকিয়া পৃথিৱীত আরু।
কিয় কান্দা আজি হিয়া বিদরাই হােজা অসমীয়া বারু॥
অনাথ সন্তানে পিতৃ বিয়োগত যেন ধৈৰ্য্য হেরুৱাই।
সাহিত্য বনত কান্দে চকু মুদি অজলা ছুতীয়াই॥
কিন্তু এইবার জ্ঞান পাই চকু মেলি বনত বিচারি চালে।
হৃদয় আকাশ পোহৰাই কেনে পূৰ্ণ ছূতীয়া জাতি জলে।
অগেয়ে আছিল ছূটীয়া জাতি ক্ষত্ৰীয় কুলত॥
কিন্তু এতিয়া হল ক্ৰমে বলহিন গতিকে পরিল তলত॥
এতিয় আহক সকলোতিয়ে মিলি জুলি পুনর ক্ষত্ৰীয় কুল উধাও।
দেৱ ধরমেরে এতিয়া সোনাই জগত জিলিকা হও॥
সৌৱা চোয়া জগতত একেটি চন্দ্ৰক এখনি আকাশে ধরে।
মৰ্ত্ত্য জগতত কোটি ছূতীয়াই কোটি হিয়া শোভা ফরে॥
অনিত্য সংসার কালর সােতত বিয়পি নেদেখা হয়।
অমর আতমা বাজলৈ ওলালে নশ্বর দেহার ক্ষয়॥
এনে ধরমত বন্ধ থকা নর তুমি কি বুজিব হায়।
মহাত্মা চুতীয়া ক্ষত্ৰীয় জাতৰ অমরত্ব লাভ মৰিহে অমর হয়॥
শ্ৰীজয়কান্ত বরুৱা
পৃষ্ঠা:ছুটিয়া বুৰঞ্জী.djvu/৫
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে