পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৯১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সপ্তদশ অধ্যায়

—পাঠা বলিত আপত্তি—

সমস্ত তীৰ্থৰ আশা এৰি সেহিক্ষণে।
কৃষ্ণৰ অভয় পদে পশিলা শৰণে॥
শঙ্কৰদেৱক গুৰু কৰিয়া নিশ্চয়।
তানসঙ্গে আনন্দে ৰহিলা মহাশয়॥ ১॥

গয়পাণি ৰামদাস—

গয়পাণি নাম তান দূৰ কৰিলন্ত।
ৰামদাস নাম তান শঙ্কৰে দিলন্ত॥
তান কথা অহিতে ৰহোক এহিমানে।
মাধৱ দেবৰ কথা শুনা সাৱধানে॥ ২॥

—পুনৰ বাণ্ডু কাত মাধৱ—

আছন্ত মাধৱ কতোদিন বাণ্ডুকাত।
বৰ ভাই সমে দন্দ লাগিল তথাত॥
বিলাইতৰ ভাগৰ নিমিত্তে আতিশয়।
ভৈল ভাগ সবে যত পাইবাক লাগয়॥ ৩॥

—পিতৃ-সম্পত্তি ত্য়াগ—

ভাগ লৈয়া কতো দিন বিলাইত চৰ্চ্চিল।
সিজয় অধৰ্ম্ম বুলি মনত গুণিল॥
নাহিকে সত্যৰ লেশ অসত্যত পৰে।
এহি বুলি ভাগ এৰি দিলা অনন্তৰে॥ ৪॥