পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৬৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১ অ]
৩৫
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত

  হাকিম (১) তাৰ উপৰে॥৬॥
পাতিলা তাহাঙ্ক   আনন্দে আছন্ত
  কতোদিন মহাশয়।
কালেৰ প্ৰমাণে   পাছে সেহি খানে
  জন্মিলা তান তনয়॥৭॥

—নামকৰণ—

কৰিয়া গণতি   নাম থৈলা দুটি
  মাধৱ, ৰতনাকৰ৷(২)
প্ৰখ্যাত মাধৱ   নাম ভৈলা তান
  গুপুত ভৈল অপৰ॥৮॥
গৃহ শুদ্ধি আদি   সৎ কৰ্ম্ম যত
  কৰিলন্ত মহামতি।
কতিপয় মান   হৰিষে বৰিষ
  মহাসুখে আছা তৈতি॥৯॥

—হৰসিংবড়াৰ জগৰ—

পাছে এক কালে   জগৰ লাগিলে
  হৰসিংহ পলাই গৈলা।


 (১) হাকিম:— অতি আধুনিক শব্দ॥ (২) ৺লক্ষ্মীনাথ বেজবৰুৱা ৰচিত 'শ্ৰীশঙ্কৰদেৱ শ্ৰীমাধৱদেৱ’,(৬৩ পিঠি) মতে মাধৱদেৱৰ জন্ম হয়—১৪১১ শকৰ (১৪৮৯ খৃষ্টাব্দ) জেঠমাহ, কৃষ্ণপক্ষ, প্ৰতিপদ তিথি, ৰবিবাৰ ৰাতি দুপৰত। ৰত্নাকৰ জ্যোতিষ মতে নাম হলে জন্মনক্ষত্ৰ চিত্ৰাৰ তৃতীয় পাদ, ৰাশি তুলা, লগ্ন অধিপতি শুক্ৰ। দ্বিজ ৰামানন্দৰ মতে বহাগ মাহ, শুক্লানৱমী, দিবা দুই প্ৰহৰত জন্ম।