পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৫৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অষ্টম অধ্যায়

আসামৰ দৌৰাত্ম্য আৰু গীতালাভ

জানি সভাসদ তান পদ হৃদি ধৰি।
আতপৰে কথা আৰৰ শুনা মন কৰি॥
এককালে আসামে মাৰিলে টেম্বুৱানী

[১]


  1. (১) দ্বিজ ৰামানন্দই শঙ্কৰদেৱৰ বিয়াৰ পিছত টেম্বুৱানী অঞ্চলত কছাৰীৰ উপদ্ৰৱ হৈছিল বুলি লিখিছে।

    আতপৰে কথা শুনা কুসুম পুত্ৰৰ।
    কছাৰী মল্লাত যেন ভৈল অথান্তৰ॥
    কছাৰী সকলে আসি মাৰিলে ৰাজ্যক
    লুৰবুৰ কৰি ফুৰে প্ৰজা সমস্তক।
    শঙ্কৰেও তাসম্বাৰ লগত গৈলন্ত।
    অৰণ্য ভিতৰে বাসা সাজি ৰহিলন্ত॥
    ভাগৱত পুথিখানি আছিল গৃহত।
    আনিবাক লাগি গৈলা বেগ খৰোত্তৰ॥—

    গুৰুচৰিত—৭ম অধ্যায়

     দ্বিজ মনন্দৰ গুৰু চৰিত্ৰ মতে শঙ্কৰদেৱ ধুৱাহাটত থাকোতেই জগন্নাথ মিশ্ৰ ভাগৱতী জগন্নাথ দ্বাৰা প্ৰত্যাদিষ্ট হৈ শঙ্কৰক ভাগৱত শুনাবৰ কাৰণে আহে।—“সেহিদিন হন্তে ভাগৱত প্ৰচাৰিলা। ভক্তসবে একচিত্তে শুনিবে লাগিলা—১৫শ অধ্যায়।

     ইয়াৰ পিচতেই আহোমৰজাৰে হাতী ধৰা উপলক্ষে হৰি জোৱাঁইৰ প্ৰাণদণ্ড,—আৰ মাধৱদেৱৰ নিৰ্য্যাতন ঘটে।

     ৰামচৰণ ঠাকুৰৰ শঙ্কৰ চৰিত (৪ৰ্থ খণ্ড) মতে শঙ্কৰদেৱ তীৰ্থৰ পৰা ঘূৰি আহি দ্বিতীয়বাৰ বিয়া কৰাৰ পাচত হে তিৰহুত দেশৰ জগদীশ মিশ্ৰ ভাগৱতীয়ে জগন্নাথৰ দ্বাৰা স্বপ্নাদিষ্ট হৈ ভাগৱত শুনায়। তিনিপুত্ৰ আৰু কন্যা ৰূক্মিনীৰ জন্মৰ পাছতহে ধুৱাহাটত থাকোতে আহোৰজাৰ হাতীবৰা আদি হয়।