পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৪৪৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪১৮
[৮০ অ
শ্ৰীলঙ্কৰদেৱ-মাধৱদেৱ চৰিত

তোমাৰ একান্ত   ভকত সবৰ
  দিয়োক প্ৰভো সঙ্গতি॥৭॥
তোমাৰ চৰণে   যেন মোৰ মনে
  থাকে সৰ্ব্বক্ষণে ৰতি।
কৰ্ণে তষু কথা   শুনোক আসোক
  মুখত নাম সম্প্ৰতি॥৮॥
ইতো সংসাৰত   নাহি মোক সম
  পৰম পতিত জন।
শুনিছো মহন্তে   কহে তযু নাম
  পতিত-জন-পাবন॥৯॥
পৰম পতিত-   -জন মই মোক
  চৰণে কৰা উদ্ধাৰ।
পতিত পাৱন   নাম নাৰায়ণ
  সাম্ফলিয়ো আপোনাৰ॥১০॥
যুগুতি বচন   শুনা সাধুজন
  বোলো কৰজোৰ হুই।
আপুনি মনত   গুণি চোঁৱা সবে
  ইটো কথা হুই নুই॥১১॥
গুৰু গুণ গণ   কৰিবো বৰ্ণন
  কহিবো বচনে মাত্ৰ।
গুৰু পদ সেৱা   কৰি অনায়াসে
  হৈব ভকতিৰ পাত্ৰ॥১২॥
গুৰুৰ সেৱকে   গুৰুৰ বচনে