পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৪৪৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪১৬
[৭৯ অ
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত


নাহিকে আবিহি[১]  মুখৰ কথাক
  কহন্তে তেখন লৰে।
কতো আন বুলি-   -বাক লাগৈ আন
  আসে এহিমতে পৰে॥১১॥
এতেকে আমাৰ   দূষণ তেজিবা
  বঢ়া টুটা দোষ দেখি।
আগ পাছ দোষ   ক্ষমিবা মনত
  পৰে যিবা তাকে লেখি॥১২॥
কিন্তু সুমৰণ   মাত্ৰ থৈলো মই
  মহন্তৰ বাক্য পালি।
তেজি মোৰ দোষ   হুয়োক সন্তোষ।
  কাকূ বোলো কৃতাঞ্জলি॥১৩:

অশীতিতম অধ্যায়

—গ্ৰন্থকাৰৰ পৰিচয়—


আছিলন্ত ৰাম—   —দাস নামে ভক্ত
  শঙ্কৰদেৱৰ ঠাই॥
সমস্তৰে আগে   শঙ্কৰদেৱত
  তেহে আছা ভক্তি পাই॥১॥


  1. দৈত্যাৰি ঠাকুৰ ৰামচৰণ ঠাকুৰৰ পুত্ৰ। ৰামচৰণ ঠাকুৰে শঙ্কৰদেৱৰ চৰিত পুথি এখন লিখিছিল। পুত্ৰই পিতাৰ পুথি নোপোৱাৰ কাৰণ বুজা টান।