পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৪৪৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৯ অ]
৪১৫
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত


গোবিন্দ আতই   ৰঙ্গ মনে কৈলা
  লিখিয়োক পদ বন্ধে॥৫॥
তেহে পঢ়িবাক   লাগি সজ হৈব
  পুনু পুছিলোহোঁ আমি।
দুয়ো ঈশ্বৰৰ   শুনো চৰিত্ৰক
  কেন মত কৈয়ো তুমি॥৬॥
যিমান জানন্ত   তেহেঁ কহিলন্ত
  আনতো যিবা শুনিলো।
ৰামচৰণত   শুনিছোঁ যিমত
  সবকে আমি লিখিলো॥৭॥
দেখি টুটা বঢ়া   অপৰাধ এৰা
  ই মই পাপীৰ দোষ।
কত পাসৰিলো   কত ৰৈল জানি
  ন কৰিবা অসন্তোষ॥৮॥
আৰো আত এক   যুগুতিক কহোঁ
  শুনিয়োক সাধু যত।
নানান প্ৰকাৰে   ইসব কথাক
  চৰ্চ্চন্ত নানা ভকত॥৯॥
ততেকৰ মত   লিখিতে নপাৰো
  যেমনে জানয় যিটো।
আতে দেখি কথা   মনত পৰিলে
  তেমনে চৰ্চ্চক সিটো॥১০॥