পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৪৩৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৫ অ]
৪০৫
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত

যাইবো ভালমতে যদি যাইবাক লাগয়॥
গাৱত কাপোৰ লওঁ আনা যদুমণি।
শুনি ভুণি দোপাটি দিলন্ত তেঁহে আনি॥৭৯॥

ষটসপ্ততিতম অধ্যায়

—মাধৱদেৱৰ বৈকুণ্ঠ প্ৰয়াণ—


পাছে ৰামচৰণে বুলিলা মাধৱক।
লাগয় ৰাজাৰ অভ্যন্তৰক যাইবাক॥
বাহিৰ ভুণিক গৈলে তেবে ভাল হোৱে।
ন লাগে যাইবাক হেন বুলিলা মাধৱে॥১॥

—হস্তমুখ প্ৰক্ষালন—


পুনৰপি বুলিলন্ত মাধৱে বচন।
লোটা আন ভাল বলে ৰাম যে চৰণ॥
এহি বুলি বহিৰ ভুনিক লাগি গৈলা।
মুখ হাত ধুই আসি পিৰাত বসিলা॥২॥
মুখ হাত পখালি খৰিকা মুখে দিয়া।
কঠত বসিলা পিৰা হন্তে লাম্ফ দিয়া॥
দুই হাতে ভুনি ধৰি পিন্ধিবে লৈলন্ত।
পায়া গাৱে প্ৰমাণ নতকায় বসিলন্ত॥৩॥