পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৪৩০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪০২
[৭৫ অ
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত

মাধৱে কৰহোক পাইলে ভাল মতে।
যত সত্ৰ আছে মানে মোহৰ ৰাজ্যতে॥
সবে প্ৰবৰ্ত্তোক মাধৱৰ মত ধৰি॥
মাধৱেসে ৰাজা যত ভক্তৰ উপৰি॥৬৩॥
ভক্তৰ উপৰি মোৰ নাহি অধিকাৰ।
শুনি আইধাইৰ আনন্দৰ নাহি পাৰ॥
উল্লসি স্বৰ্গক যেন হাত মেলি পাইলা।
আউৰ দিন প্ৰভাততে মানুষ পঠাইলা॥৬৪॥
মাধৱদেৱত কথা সমস্তে কহিল।
শুনিয়া মাধৱদেৱে হাসিয়া বুলিল॥
আচ্ছা কিনো ৰাজা মোক সম্পত্তি দিলেক।
ভকতৰ উপৰত ৰাজা পাতিলেক॥৬৫॥
এহি বুলি অল্প হাস্য কৰিয়া ৰহিল।
পুনৰপি আইধাই মানুষে বুলিল॥
আই বুলি পঠাইলন্ত ভক্ত সব সমে।
আসন্তোক আতা আজি আমাৰ আশ্ৰমে॥৬৬॥

—ৰাজ সন্মান—


আতা সমন্বিতে যত ভকত সবক।
ৰাজা বুলি আছে দিবে ফুল চন্দনক॥
গুৱা পান যত বস্তু সমস্তে ৰাজ্যৰ।
প্ৰৱৰ্ত্তোক লোক ধৰি মত মাধৱৰ॥৬৭॥
এতেকে আসন্তো আতা ভক্ত সমন্বিতে।