পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৪২৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪০০
[৭৫ অ
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত


ভোগ ইচ্ছা ন ভৈলে পূজিবো তাঙ্ক কিক॥
ভোগক লাগিয়া ইচ্ছা কৰে যিটো লোক।
শৰত কালীক তাৰা সকলে পূজোক॥৫৩॥
হেন শুনি পছিমা পণ্ডিত চাৰিজন।
ভাল কহে বোল বোলে প্ৰশংসা বচন॥
গুনিয়া ৰাজাৰ মহা আনন্দ মনত।
পুনৰপি বোলে কথা পুছ মাধৱত॥৫৪॥
কেন মতে তাৰ হৰি-ভকতি কৰয়।
পুছো আৰো কিমত আচাৰে প্ৰবৰ্ত্তয়॥
কিমতে লোকক তাৰা দেই উপদেশ।
শুনিয়া মাধৱদেৱে কহিলা নিঃশেষ॥৫৫॥
পছিমা পণ্ডিতে শুনি প্ৰশংসা কৰয়।
ভালেতো স্বৰূপ কথা মাধৱে কহয়॥
ৰাজাৰো মনত শুনি মিলিলো উৎসৱ।
সাধু সাধু ভাল কথা কহন্ত মাধৱ॥৫৬॥
এহি বুলি ৰাজা বীৰুকাৰ্য্যক চাহিয়া।
কি বোলে বীৰু ৰাজা বোলয় হাসিয়া॥
বীৰুকাৰ্য্যী বোলে ৰাজা মই কিবা জানো।
কোচ ম্লেছ আমি কহোঁ যিবা শুনো॥৫৭॥
ব্ৰাহ্মণে সকলে বোলে ইকথা ন হয়।
হেন কথা হোৱয় বুলি তাৰা সবে কয়॥
মোৰ কিবা দোষ আমি যেমনে শুনিলো।
ৰাজাৰ আগত আমি তেমনে কহিলো॥