পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৪২২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৯৪
৭৫ অ]
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত


যেবেসে চৈতন্য হোন্ত, স্ত্ৰী ৰূপ ধৰি।
তেবে কি মহেশক মুহিলন্ত হৰি॥২০॥
আৰো বৃকাসুৰক আপুনি বৰ দিলা।
পুনু তাকে ভয়ে পাই ত্ৰৈলোক্য ভ্ৰমিলা॥
চৈতন্য মোহ নাই জানিবা নিশ্চয়।
জড়ৰেশে মোহ ভ্ৰম জানিবা নিশ্চয়॥২১॥
শুনি বীৰুকাৰ্য্য ক্ৰোধ কৰিয়া বোলয়।
মহেশক জড় বোল তোৰা সমস্তয়॥
কৰিলা সমস্তে ৰাজ্য নষ্ট তুমি সবে।
তোৰাকে ৰাজ্যৰ পৰা লাগে খেদাইবে॥২২॥
আনো নানা বীৰু ক্ৰোধ কৰিয়া বোলয়।
তোৰাৰ কথায় শম্ভূ-ঈশ্বৰ নোহয়॥
মহেশ ঈশ্বৰ হোন্ত মাধবে কহন্ত।
তথাপিতো স্বতন্ত্ৰ ঈশ্বৰ নুহিকন্ত॥২৩॥
পুনৰপি বীৰু মাধৱত পুছিলন্ত।
মোক্ষ দিবে মহেশে পাৰন্ত ন পাৰন্ত॥
মুকুতিৰ অধিকাৰ মহেশে নোহন্ত।
মাধবে বোলন্ত মোক্ষ দিবে ন পাৰন্ত॥২৪৷
বিষ্ণুৰেসে জানা মোক্ষ দিবে অধিকাৰ।
বিষ্ণু বিনে মোক্ষ দাতা নাহিকয় আৰ॥
সেহি সময়ত মাতিলন্ত দ্বিজ চয়।
দেখা দেখা আৰো মহেশক ন মানয়॥২৫॥
বোলন্ত মাধৱদেৱে কিয় মহেশক।