পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৪১৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৫ অ ]
৩৯১
শ্ৰীশ্ৰীশঙ্কৱদেৱ-মাধৱদেৱ চৰিত


—বঙ্গদেশী মাধৱ—


এহিবুলি এক বঙ্গদেশী মাধৱক।
নিল মাতি সিটোজনে নাচিবে ভাৱক॥
বোলাৱৈ বৈষ্ণৱ লোকে কৰে সতকাৰ।
নুহি জ্ঞাতা ন জানয় শাস্ত্ৰৰ বিচাৰ॥৫॥
তাকে আগ কৰি নিয়া সভা কৰিলেক।
প্ৰীতি কৰি মাধৱদেৱক নিয়াইলেক॥
বসিলন্ত গৈয়া দেৱ মাধৱ সভাত।
অনেক ব্ৰাহ্মণ সব বসি আছে তাত॥৬॥
সমস্ত ভকত চৌৰা বাহিৰত ৰৈলা।
লগে ৰামচৰণৰ অচ্যুত গুৰু গৈলা॥
সভাতে বসাইলা বঙ্গদেশী মাধৱক।
বুলিলেক বীৰু চাই মাধৱদেৱক॥৭॥
এহি তযু মিতা হুই দেখিয়ো মাধৱ।
শুনিয়া মাধৱদেৱ বোলন্ত উৎসৱ॥
তোমাঠেৰ প্ৰসাদেসে মিত্ৰলাভ পাই।
বুলিলেক বীৰু পুনু মাধৱক চাই॥৮॥

–মালাত মেৰু নাই কিয়—


এহেঁ বোলা মেৰু নাই মালাত কিসক।
ইহাৰ উত্তৰ তুমি আপুনি দিয়োক॥
মাধৱে বোলন্ত তিনি শাস্ত্ৰমত ধৰি।
হৰিত ভকতি আমি সৰ্ব্বক্ষণে কৰি॥৯॥
পদ্মীয় সহস্ৰনাম গীতা ভাগৱত।