পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৪১৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৪ অ]
৩৮৫
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত

পাছে কতোক্ষণে   ৰামচৰণে
  মাধৱক প্ৰণামিলা
আস আস বুলি   দুই বাহু মেলি
  মাধৱদেৱ ধৰিলা॥৭॥
হৰিষ লোতকে   শৰীৰ ভিজাইলা
  মাধৱে তাৰ প্ৰেমত।
লোতকক মছি   কুশলক পুছি
  বসিলা পাছে কঠত॥৮॥
শঙ্কৰদেৱৰ   পত্নী আই আৰো
  ঠাকুৰ হৰিচৰণ।
কুশলে আছন্ত   আনো ভক্ত যত
  কহিয়ো ৰামচৰণ॥৯॥
বহিনী বৈনাই   কুশলে আছন্ত
  তোৰ পিতৃ মাতৃ দুই।
কহিলন্ত ৰাম   চৰণ সমস্ত
  সবাৰো কুশল হুই॥১০॥

—মাধৱৰ আগত সঙ্কলিত পুথি—

পুনু পুছিলন্ত   ৰামচৰণত
  এক বাৰ্ত্তা আছোঁ পাই।
হুই নুই বোপা   কৈয়ো শুনি তেহেঁ
  বোলা মাধৱক চাই॥১১॥
কিবা বাৰ্ত্তা পাই  আছন্ত দুনাই
  মাধৱে বোল বচন।