পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৪০৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৩ অ]
৩৮১
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত


আৰো একো ভক্তে পুছিবাক ন পাৰিলা॥
তিন দিন মনে মনে পৰামৰশিলা॥
তিন দিন পাছে পুনু মাধৱে বুলিলা॥৪৪॥

—উপযুক্ত উত্তৰাধিকাৰী নাই—


কাঁহাত পুছিবো কথা তোমৰা পাছত।
বুলিয়া পুছিলা মোত সমস্তে ভকত॥
তিন দিন মানে আমি গুণি মনে চাইলো।
কাহাক বুলিবো আমি বিচাৰি না পাইলো॥৪৫॥
সবে লোভাবিষ্ট তুমি সবে চাহিয়োক।
বিচাৰি মনুষ্য একগুটি দিয়া মোক॥
পঞ্চ কোটি প্ৰহৰ ব্ৰহ্মাণ্ড গুটি সাৰ।
আৰো মাত্ৰ বহিবাক পাৰে যেন ভাৰ॥৪৬॥
অধিক ন লাগৈ সেহি জনে পাৰিবেক।
গুৰুপদ লৈবে হেন দিয়োক জনেক॥
শুনি ভক্ত সবে বোলে ন পাইলা তোমৰা॥
আমি এহ্ন জন বাপ দিবো কৈৰ পৰা॥৪৭॥
তোমৰায়ে থিত কৰি দিয়া বাপ যেবে।
আমাৰ মনৰ আনন্দক হুইবে তেৰে॥
শুনিয়া মাধৱদেৱে বোলা পূনৰ্ব্বাৰ
লোভাবিষ্ট সকলে বুলিবো কাক আৰ॥৪৮॥

—ঘোষাত মই আছোঁ—


দেখা ঘোযা পুথিখান আমাৰ আছয়।