পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৪০৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৮০
[৭৩ অ
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত


শুনিয়া মাধৱদেৱ ন মাতি ৰহিল।
সাগৰৰ ঢৌক যেন কাখৰে ৰাখিল॥
শ্ৰীৰামকে আতা দেখাইলন্ত হেন জানি।
তেহেঁ হাক দিলন্ত মনত অনুমাণি॥৩৯॥
এহি বুলি ভক্ত সব তথা ৰহিলন্ত।
পুনু দেৱ মাধৱে বচন বুলিলন্ত॥
জীৱন মুক্তক বিচাৰাহা তোঁৰা সবে।
সাৱধানে মোহোৰ বচন কৰা যেবে॥৪০॥
দুই দণ্ডে পাৰোহোঁ মুকুত কৰিবাক।
ন কৰিলে বচন কৰিবো কিবা কাক॥
এহি বুলি ৰহিলা মাধৱদেৱ তথা।
আত অনন্তৰে আৰো শুনা এক কথা॥৪১॥

—উত্তৰাধিকাৰী কোন্‌?—


একদিনা আলোচিলা সবে ভক্ত মিলি।
পুছিলন্ত মাধৱক কৰি কৃতাঞ্জলি॥
আবিৰ্ভাৱ তিৰোভাৱ ঈশ্বৰ সবৰ।
আছে বাপ সৰ্ব্বকাল জানি সাৰতৰ॥৪২॥
তোমৰা সাক্ষাতে আছা সমস্ত সংশয়।
তোমাঠেত পুছিলে সংশয় দূৰ হয়॥
যেতিক্ষণ তিৰোভাৱ তোমৰা কৰিব।
কোনো কথা খানি লোকে কাঁহাত পুছিব॥৪৩॥
শুনিয়া মাধৱদেৱে ন মতি ৰহিলা।