পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৪০৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৭৮
[৭৩ অ
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত


উভয় প্ৰকাৰে মই পাপী তল গৈলো॥
আতাৰ বচন ন কৰিলে দোষ হয়।
কৰিলো পাইলেক দুঃখ ভক্ত সমস্তয়॥২৮॥ '
তিন দিনো নাসো বাধি বচন আতাৰ।
তথাপি বোলন্ত কত বাধিবোহো আৰ॥
হেন শুনি ভক্ত সব কৰি হৰি ৰাৱ।
গৈলন্ত সমস্তে যৈত আছন্ত মাধৱ॥২৯॥

—একপ্ৰীতি হবলৈ উপদেশ—


নমস্কাৰ কৰি সবে বুলিলন্ত আগে।
এত মান নিগ্ৰহ কৰিবে বাপ লাগে॥
আমি ক্ষুদ্ৰ জীৱ বস্ত্ৰ পঠোৱা আমাক।
শুনিয়া মাধৱদেৱে বুলিলন্ত বাক॥৩॥
একপ্ৰীতি হুয়োক সমস্ত বাপু সবে।
কৃষ্ণক, ভক্তিক জানা দুইকো পাইবা তেবে॥
একপ্ৰীতি হৈবাক নপাৰা মানা যাৱে।
ঈশ্বৰ ভক্তিক নপাইবা দুইকো তাৱে॥৩১॥
শুনিয়া ভকত সব হৰষিত ভৈলা।
মাধৱদেৱক নমস্কাৰ কৰি গৈলা॥
আৰো এক কথা সাধু সব শুনিয়োক।
ভক্ত সব সমে দেৱ মাধৱ দিনেক॥৩২॥

—জীৱম্মুক্ত কোন্‌?—


পৰম হৰিষে বসি গোঁসাইৰ ঘৰত।