পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৪০৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৩ অ]
৩৭৭
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত


ভকতৰ থানে মোৰ কাপোৰ নিয়োক।
আগে থৈয়া সমস্ততে কথা কহিয়োক॥২২॥
আতা বুলিলন্ত শুনা সমস্ত ভকত।
এক প্ৰীতি হৌক মহা হৰিষে মনত॥
যদুমণি ভাণ্ডাৰী বোলন্ত ন পাৰিবো।
তোমাঠেৰ বস্ত্ৰ বাপ কোন মতে নিবো॥২৩॥
পুনৰপি আক আৰ নুবুলিবা বাপ।
তোমাঠেৰ বাক্য ন কৰিলে মহাপাপ॥
কৰিলে ভকত সব মহাদুঃখ পাইব।
উভয় প্ৰকাৰে বাপ আমি তল যাইব॥২৪॥
এহিমতে তিনি দিন মাধৱে বোলন্ত।
তিনি দিন দুমণি কাপোৰ নেনেন্ত॥
তিনি দিন অন্তৰে ভাণ্ডাৰী যদুমণি।
এৰাইতে ন পাৰি হাতে লৈয়া বস্ত্ৰখানি॥২৫॥
মনে খেদ কৰি ভকতৰ আগে যাই।
মাথে বস্ত্ৰ লৈয়া বোলা ভকতক চাই॥
বাপু সব আতা বস্ত্ৰ দিয়া পঠাইলন্ত।
সমস্তকে একপ্ৰীতি হৈবে বুলিলন্ত॥২৬॥
শুনি ভক্ত সমে মনে দুঃখ মানিলন্ত।
ভাণ্ডাৰীক চাই সবে খঙ্গিয়া বোলন্ত॥
কি কাম কৰিলা তুমি ওবা যদুমণি।
কদৰ্থিলা আমাক আতাৰ বস্ত্ৰ আনি॥২৭॥
বোলা যদুমণি মই তখনে জানিলো।