পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৪০৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৩ অ]
৩৭৫
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত


গৈলন্ত মথুৰাদাস বৰপেটা লাগে।
কহিলন্ত কথা গৈয়া মনপুৰ আগে॥
শুনি মনপুৰে ভাল যাইবো বুলি ৰৈল।
মাধৱক লাজে ভয়ে পুনুহো ন গৈল॥১৩॥
বোলো কাকূ বাক্য সাধু সব শুনিয়োক।
মাধৱৰ কৃপালু গুণক দেখিয়োক॥
গাৱৰ কাপোৰ কাঢ়ি লৈল মনপুৰে।
তথাপি তাহাঙ্ক মাতি পঠাইলা ঈশ্বৰে॥ ১৩॥
বোলা মনপুৰে আসি আমাক দেখোক।
আমিয়ো দেখোহোঁ তেহেঁ সত্বৰে আসোক॥
আৰো কহি আছে সেৱা মনপুৰে যত।
সি কি কথা গুছৈ জানা আমাৰ মনত॥১৪॥

—ৰাজমাতাৰ কাপোৰ দানত—


—বৈষম্য—


এতেকে কৃপালু গুণ দেখা মাধৱৰ।
শুনা সাধুসব কথা আত অনন্তৰ॥
এককালে বৈশাখ বিষুত আই ধাই।
সমস্ত ভক্তক দিলা কাপোৰ পঠাই॥১৫॥
মাথা বান্ধা দোপাটি পাছড়া টাট বন্ধ,
দিয়া পঠাই আছা আই মনত আনন্দ॥
বস্ত্ৰ দিয়া মাধৱৰ আগত কহিল।
সমস্ত ভক্তক আই দিবাক বুলিল॥১৬॥