পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৪০০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৭২
৭২ অ
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত


—কথা-সাগৰ গোপাল দেৱ—


বোলন্ত মাধৱদেৱে   মই জানো আগধৰি
  গোপালৰ কথাই আমাক।
বশ্য কৰে সমুদাই   তান কথা ৰস পাই
  আনে পাৰে এৰাই আসিবাক॥ ৬॥
ক্ৰোধ এৰি স্নেহ ভাৱে   বোলন্ত মাধৱদেৱে
  বৰ দুঃখ লভিলো শ্ৰীৰাম।
তোমাক নাহিবে দেখি   চলল কৰিল আখি
  তেহেঁ উঠি কৰিলা প্ৰণাম॥১৭॥
গুৰুৰ চৰিত্ৰ চয়   শুনন্তে অমৃত ময়
  মিলয় মনত মহোচ্ছৱ।
পাপ শত্ৰু সংহৰণ   মহাপুণ্য উপাৰ্জ্জন
  জানি বোলা শঙ্কৰ মাধৱ॥১৮॥


ত্ৰিসপ্ততিতম অধ্যায়

—মাধৱদেৱৰ উত্তৰাধিকাৰী—


আত অনন্তৰে সাধুজন শুনা কথা।
গৈল মথুৰাদাস মাধৱৰ তথা॥
পুছিলা মাধৱদেৱে মথুৰাদাসত।