পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৩৮৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৬০
[ ৭০ অ
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত


জানিবা না থাকি পাৰে মানে সিদেশত।
এতেকে আমৰা আৰো ন থাকোঁ ই ঠাই।
ৰেহাৰক যাওঁ তই থাকিবি বোপাই॥৩॥
হেন শুনি ৰামচৰণে কান্দি বুলিলন্ত।
এতিখন আৰ একো কথা ন কৈলন্ত॥
থানত থাকিয়া কহিলন্ত হন্তে যেবে।
দুই চাৰি যুগুতি কৰিলো হন্তে তেবে॥৪॥
এখন আসিলা লৰি চাইবাক ইচ্ছাই।
আৰো এক যুগুতি বুলিবে আবে নাই॥
কিন্তু মহাভাগ্য মিলি আছে বেহাৰৰ।
মিলিলা দুৰ্ভাগ্য কামৰূপীয় লোকৰ॥৫॥
এহি বুলি কান্দি ৰামচৰণ ৰহিল।
শুন তাত পৰে যেন বৃত্তান্ত মিলিল॥
মনপুৰ (১) নামে এক ভক্ত আছিলন্ত।
মাধৱদেৱক বহু সেৱা কৰিলন্ত॥৬॥
হাজোক মাধবদেৱ গৈলন্ত যি বেলা।
মনপুৰা মাধৱদেৱৰ লগে গৈলা॥
ভটিয়াই আসন্তেয়ো আসিল লগত।
শুনা কহোঁ তেঁহে যেন কৰিলা পাছত॥৭॥


[১]

  1. (১)মনপুৰ :—ভৱানীপুৰীয়া গোপাল দেৱৰ আপোন মোমায়েক। এঅঁৰ পিতৃৰ নাম শঙ্কৰ। শ্ৰীশঙ্কৰদেৱে এওঁক মিতা শঙ্কৰ বুলি মাতিছিল। এই শঙ্কৰৰ ঘৰ বৰপেটাত আছিল।