পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৩৮৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৫৮
[ ৬৯ অ
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত


সুন্দৰী দিয়াত ৰৈবে নিশ্চয় কৰিলা।
ভকত সবক ঠাই জুখি জুখি দিলা॥৫৫॥

—সুন্দৰীদিয়া ত্যাগ—

সেহি বেলা একজনে বচন বুলিল।
আৰবাৰ ঐত আসি বিঘিনি পৰিল॥
বাহিৰ ভূমিক লাগি মাধৱ গৈছিলা।
বেৰ আৰে থাকি তাক আপুনি শুনিলা॥৫৬॥
আসিয়া সমস্ত ভকতত পুছিলন্ত।
পুনু বৰপেটাক লাগিয়া সাজিলন্ত॥
সেহি বেলা আসি পাইল কাকত ৰাজাৰ।
বোলয় মাধৱ লাগে হাজোক যাইবাৰ॥৫৭॥

—ৰজাৰ নিমন্ত্ৰণত হাজো যাত্ৰা—

মাধৱ যেমন শুদ্ধ ৰাজাই বোলয়।
মাধৱত শুদ্ধ থান তেমনে লাগয়॥
এতেকে হাজোক যাউক ঐৰ পৰা উঠি।
হৰি সেৱা কৰিয়া থাকোক মহা তুষ্টি॥৫৮॥
শুনিয়া মাধৱদেৱ হাজো লাগি যাই।
তিনি মাস নদীৰ বালিত আছা ৰই।
আঘোণ মাসত গৈলা ফাগুণ পাইলেক।
শুন তাত পাছে কথা যিমত ভৈলেক॥৫৯॥
হাজো গৈয়া আছন্ত মাধৱদেৱ যেবে।
তান থানে বহু লোক গই যাই তেবে॥