পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৩৮৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৯ অ]
৩৫৭
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত

—সুন্দৰী দিয়ালৈ গমন—

ডেৰ মাস মাত্ৰ বৰপেটাত আছন্ত।
এতেকতে আৰো এক কুবাৰ্ত্তা পাইলন্ত॥
সেহি শিষ্য সমন্বিতে ধৰিয়া নিবেক।
পুনৰপি ৰাজা সুৰানন্দে পাঞ্চিলেক॥৫৩॥
এহি কথা শুনি ভক্ত সমে আলোচিল।
কাতি মাস ৰাতি সবে পলায়া আসিল॥
সুন্দৰী দিয়াত ৰামচৰণৰ ঠাই।
বাৰ ভক্ত সমে ৰাতি ৰহিলন্ত যাই॥৫১॥
দেখি ৰামচৰণে পুছিলা মাধৱত।
কিনো ভৈল কিয় নো কৰিলা হেন মত॥
মাধৱে বোলন্ত নিন্দা পীড়া কৰে মোক।
পাইবা সবে কথা ঠাই খানিক দিয়োক॥৫২॥
বোলা ৰামচৰণে শুয়ো গোসাঁই ঘৰত।
পাছে ঠাই দিবো নিৰ্জ্জন থানত॥
গোসাঁইৰ ঘৰত দেৱ মাধৱ শুইলন্ত।
পাছে ঘৰ ৰাতি ৰামচৰণে পতাইলন্ত॥৫৩
লিপি পুছি অনেক পৱিত্ৰ কৰিলন্ত।
প্ৰভাতে মাধৱদেৱ তহিক গৈলন্ত॥
কহিলন্ত সবে কথা ৰামচৰণত।
আছিলন্ত একমাস তাহাৰ ঘৰত॥৫৪॥
বিজয়পুৰৰ হন্তে পাছে ভকত আইল।
কিছু নাই মিছা কথা নিশ্চয় জানিল॥