পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৩৮৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৫৬
[৬৯ অ
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত

তুতি ভক্তি কাকূতি কৰিল বহুতৰ।
তাৰ বাপে মাৱে কৈলা কাকূতি বিস্তৰ॥৪৪॥
বাপ মোৰ বেটাৰ দোষক মৰষিবা।
তোমাৰ চৰণে বাপ আশীৰ্ব্বাদ দিবা॥
মাধৱে বোলন্ত দোষ কৰি আছে কি।
ৰাজা মোক যি বুলিল ন কৰিল নিকি॥৪৫॥
এতেকে ইহাক মই কৰোঁ আশীৰ্ব্বাদ।
চিৰকাল সুখে থাউক ন পাউক প্ৰমাদ॥
শুনি সবান্ধৱে ভৈলা মহা ৰঙ্গ মন।
সিটো বোলে বাপু কিছু কৰিয়ো ভোজন॥৪৬॥
মাধৱে বোলন্ত আজি একাদশী দিনে।
কৰিবো ভোজন আমি কিসক এখনে॥
কৰয় কাকূতি সিটো এৰাইতে ন পাইল।
ডোখৰ দুই মান তেবে কাঞ্চাকলা খাইল॥৪৭॥

—বৰপেটালৈ আগমন—

থৈবাক লাগিয়া সিটো বাছড়ি আনিল।
বাছড়িত নুঠি ছোট নাৱত উঠিল॥
নিয়াছিলা ৰামচৰণে নাৱ একখানি।
তাতে চড়ি বৰপেটা পাইল দিন তিনি॥৪৮॥
বৰপেটা পায়া মহা আনন্দে ৰহিল।
সমস্ত লোকৰ বৰ হৰিষ মিলিল॥
নিয়াছিল ভকতৰ লুটি বস্তু যত।
সুৰানন্দে বিচাৰিয়া দিলন্ত সমস্ত॥৪৯॥