পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৩৮১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৯ অ]
৩৫৩
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত


ব্ৰাহ্মণ সকলে বাদ কৰিবে ইচ্ছায়।
নানা শাস্ত্ৰ চয় তাৰ বিচাৰে সদায়॥২৮॥

—কাৰাগাৰত পাশাখেলা—

মহাৰঙ্গে খেলাইলা গোপালে সহিতে।
পাশাখেলাই থাকন্ত মাধৱদেৱে নিতে॥
যদুমণি ভাণ্ডাৰী বোলন্ত আতাইস।
দিন গোট্ কিবা পাশা খেলাই থাকস॥২৯॥
ব্ৰাহ্মণ সকলে বোলে বসি ঠাই ঠাই।
ই শাস্তৰ সি শাস্তৰ বিচাৰে সদাই॥
খানেক শাস্তৰ তই না চাৱ বসিয়া।
শুনিয়া মাধৱদেৱে বোলন্ত হাসিয়া॥৩০॥
ব্ৰাহ্মণ সকলে কি চাই যদুমণি।
আৰো বাৰ চাঞ কৰা আমি থাকো শুনি॥
যদুমণি বাক্য শুনি মনত উৎসৱ।
নাহি চিন্তা হাসি হাসি বোলন্ত মাধৱ॥৩১॥
বিচাৰোক শাস্ত্ৰক ব্ৰাহ্মণ নিৰন্তৰে।
ভাল কৰে ন জানাসা মোৰ কাম কৰে॥
তাসম্বাৰে উত্তৰ মোৰ মুখতে বজাইবে।
তাৰা শাস্ত্ৰ চাউক মোৰন ন লাগে চাহিবে॥৩২॥

—বাগীশ ভট্টাচাৰ্য্যৰ সতৰ্কবাণী—

এহি বুলি হাসিয়া মাধৱদেৱে ৰৈলা।
শুনা পাছে ব্ৰাহ্মণ সকলে যেন কৈলা॥