পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৩৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০
[৩ অ
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত


 সত্যসন্ধ্যা জীয়াই থাকোতেই কুসুমে বিয়া কৰাইছিল॥

আগদিনা পথ্য খাইলা গোসানী চণ্ডৰী।
বহি বাই দুগ্ধ দুইৰো ধাৰাদণ্ডে ধৰি॥ ৬৮৫॥

 এই “চণ্ডৰী গোসানী” কোন, কুসুমৰ সৰু ভাৰ্য্যা হয়নে নহয়, ঠিক বুজা না যায়, চণ্ডী নামে কুসুমৰ বেটী এজনীহে আছিল বুলি পোৱা যায়। এই চণ্ডৰী অবশ্যে বেলেগ হব লাগিব। কাৰণ “গোসানী” বিশেষণ বেটীৰ বেলিকা ব্যৱহৃত নহয়। যদি চণ্ডৱী কুসুমৰ সৰু ভাৰ্য্যা হয়, তেন্তে তেৱেঁই বনগঞাৰ মাক॥

 ভূষণ দ্বিজৰ শঙ্কৰ চৰিতত, শঙ্কৰদেৱৰ বিবাহৰো বহুত দিন পিছতহে কুসুমৰ আৰু তাৰ কিছুদিন পিছত মাক সত্যসন্ধ্যাৰ মৃত্যু হৈছিল বুলি কোৱা হৈছে :-

(১)—“মাতৃৰো হৰিষ আতি   বুলিলা স্বামীক মাতি
  ভাল চাই কন্যাক যুৰিয়ো॥”॥৬৯॥
(২) “কুসুমৰ ভাৰ্য্যা সতী,   পুত্ৰৰ বহাৰী দেখি।
  মনে মহা কৰন্ত হৰিয।”—॥৭১॥
(৩)—এহিমতে হৰিষতে আছে কতোদিন।
অনন্তৰে কুসুমৰ আয়ু ভৈল ক্ষীণ॥
মৰিলন্ত কুসুম পাইলন্ত স্বৰ্গলোক।
শঙ্কৰে পিতৃক লাগি নকৰিলা শোক॥ ১১২॥
(৪) মনত হৰিষে যেবে শঙ্কৰ আছন্ত।
অনন্তৰে তান পাছে মাতৃ মৰিলন্ত॥—১১৯॥

 এই মতে বনগঞা শঙ্কৰদেৱৰ সহোদৰ ভায়েক।

বনগঞা নামে আছে কনিষ্ঠ সোদৰ।
জমাইৰ লগতে তাঙ্ক ৰাখিলা শঙ্কৰ॥ ১২৭॥

 দ্বিজ ৰামানন্দৰ গুৰুচৰিত্ৰত কিন্তু সম্পূৰ্ণ ওলোটাটোহে আছে। দ্বিজ ৰামানন্দৰ বৰ্ণনা এই পুথিৰ সৈতে মিলে। সেইমতে বনগঞা শঙ্কৰৰ সহোদৰ