পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৩৭৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৯ অ]
৩৫১
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত


মই হো বান্দৰ তই বন্দিয়াৰ হুয়োক
গলে ডোল লগাই ঘৰে ঘৰে ফুৰাও মোক॥১৭॥
হাতৰ কাপৰ গুচাই বসিবে বুলিল।
মাধৱে বসিল সিটো আপুনো বুসিল॥
মনুষ্যক বোলে বান্ধ মেল ভকতৰ।
মেলিলেক বান্ধ পাছে ভকত সবৰ॥১৮॥
কতোক্ষণে গোসাইৰ ঘৰক বাহিৰায়।
মাধৱ সহিতে চতালক বসি যায়॥
ভকত সবক গোসাই ঘৰত ৰাখিল।
ৰাখিবাক লাগি চাৰি মুনিষক দিল॥১৯॥
দণ্ড চাৰি নিশা যাই দেখি সিটো জন।
মাধৱদেৱক বোলে কৰিয়ো ভোজন॥
বোলন্ত মাধৱে মোৰ ৰান্ধনী আছয়।
বন্দীত ভোজন মোৰ কেন মতে হয়॥৩০॥
লোটা আছে মুদত ভোজন কেনে হৈবে।
সিটো বোলে ৰান্ধনীৰ নাম কোৱা তেবে॥
লোটা দেউক বাজ কৰি ৰান্ধনী সহিত।
শুনিয়া মাধৱদেবে বলিলা তহিত॥২১॥
নাম ৰামচৰণ ভাগিন সম্বন্ধত।
দিল বাজ কৰি তাঙ্ক শুনি হেন মত॥
পঠাইলন্ত ৰান্ধিবাক ৰামচৰণক।
গৈলন্ত ৰান্ধিবে এক তান্তিৰ ঘৰক॥২২॥
মাধৱ দেৱৰ ঘৰে মুদ দিয়া আছে।