৩৪৬
[৬৮ অ
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত
দহিল দহিল কি কৰিবা বুলি
মাধৱদেৱ ৰহিল॥২৭॥
আৰো বাৰ চিনি পাগিবে দিলন্ত
চেনিয়া বলাইক মাতি।
সমস্ত ভকত আনন্দ মনত
আশ্চৰ্য্য শুনিয়া আতি॥২৮॥(১)
শুনা সাধুজন নেদিবা দূষণ
কথা বঢ়া টুটা দেখি।
(১) শ্ৰীৰাম আতৈ আৰু কঙ্কিলাৰ গুৰুৱে এদিন বৰপেটালৈ আহোঁতে
মলিবাৰী নামৰ ঠাইত এজন মানুহে কুহিঁয়াৰ পেৰাইছে দেখা পাই গুৰুৰ
কাৰণে গুড় নিবলৈ ইচ্ছা প্ৰকাশ কৰাত সেই মানুহজনে তেতিয়াই ৰস জাল দি গুড় পগুৱাই দিলে। মাধৱদেৱৰ আগত গুড় দি বুঢ়া শ্ৰীৰাম
আতাই গুড় পগুৱা সম্পৰ্কে তলত লিখা তত্ত্বগীতটো গালে -
-
|
দেহাই বোলে ভাই, শুনা মন ভাই
কহোঁ পৰমাৰ্থ সাৰ।
দেহা গান্ধীৱলী, ভীম মহাবলী
গুৰুসে বাঢ়ৈ আৰ॥
ধৈৰ্য্য, ক্ষমা, তুষ্টি, কাটৰি মাতৰি
জানিবা ডাঙৰি ভৈলা।
দশ ইন্দ্ৰিয়গণ, হৰি পৰায়ণ
পাক ফুৰাইবাক লৈলা॥
বেদ শাস্ত্ৰ আৰ, বুলি কুহিঁয়াৰ
বিশ্বাসে ডাঙৰী ভাঙ্গে।
ৰাম-নাম ৰশি, বিশ্বাসে কলসী
গুৰু সেৱা খালি সঙ্গে॥
হোৱয়ৈ বৈৰাগ্য, ইতো জালি গাচ
কৃপায়ে অগণি ধাহ।
দীৰ্ঘে খৰি মাৰে, শিখা জাকি ধৰে
থাকা সাৱধানে চাই॥
|
|
কৰ্ম্ম মল নাই, মলক গুচাই
মুকুতি উতল দোল।
শ্ৰদ্ধা পুৰুষাৰ্থ, লাওখোলা অৰ্থ
ঘোলনি সন্তোষ পুৰ॥
ছাতমাৰি বুলি, পিৱা পাৰা ঘালি
ঘোলনি সন্তোষ মতি।
চেনি চোৰা মিঠৈ, নানান ৰসৰ
কহিলো সবে যুগুতি॥
ভকতক ভক্তি, ঈশ্বৰত ৰতি
ৰোমে অনুৰাগ চড়ি।
নিৰ্ম্মল হৃদয়, কলসী ভৰাই
থৈয়োক আনন্দ কৰি॥
মোক বুলি ধৰা, পুৰুষ উদ্ধাৰা
ছাড়া ভাষ ভূষ কাম।
মুখ ভৰি ভৰি,—বোল হৰি-হৰি
কহিলো মুঢ় শ্ৰীৰাম॥
|