পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৩৬৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩৬
[ ৬৭ অ
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত

শুনা সাধুজন কথা আত অনন্তৰ।
বৰ দেৱানীয়া নামে এক দামোদৰ॥২১॥

—নিৰ্ব্বিকল্প দামোদৰ—

ভাৰ্য্যা সমে আইল তিন শত টকা লই।
শুনে কৃষ্ণ-কথা মাধৱৰ সঙ্গে ৰই॥
মাধৱদেৱক গুৰু মানি সিটো জন।
কৃষ্ণৰ অভয় পদে লৈয়াছে শৰণ॥২২॥
খাসাৰ কাপৰ বিনে আন নিপিন্ধয়।
গুৱা পান দধি দুধ খাই অভ্যুদয়॥
লোণ তেল অন্ন বস্ত্ৰে একৈক মাসতে।
সাত সাত টকা তাৰ যাই খৰছাতে॥২৩॥
বছৰ তিনি চাৰি শুনে কৃষ্ণ কথা।
পুছন্ত মাধৱদেৱে একদিন তথা॥
বহুত ভগন ভযু দেখোঁ দামোদৰ।
কতগুটি টকা আছে কহিয়ো সত্বর॥২৪॥
সিয়ো বোলে তিনিশত টকা লৈয়া আইলো।
সাতখানি টকা আছে আৰ সব খাইলোঁ॥
বোলন্ত মাধৱে কতদিন কুলাই ঝণ্টে।
কৈয়ো সিটো বোলে এক মাস মাত্ৰ আণ্টে॥২৫॥
মাধৱে বোলন্ত এক মাস আকে খাইবা।
একমাস অন্তৰে পাছত কি কৰিবা॥
সিটো বোলে আকে খাইবো আয়ু আটে যেবে।