পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৩৫৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৬ অ ]
৩৩১
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত

ইহ পৰলোকে  এৰিবাৰ নুহি।
 যি বস্তু শঙ্কৰে মোক॥৪২॥
দিলা সেহি বস্তু  মোৰ আশীৰ্ব্বাদ
 ৰহোক দিলো তোমাত।
হেন শুনি ৰাম-  চৰণে উঠিয়া
 কৰিলন্ত প্ৰণিপাত॥৪৩॥
দুই হাতে শিৰ  পৰশি মাধৱ-
 -দেৱে যে তাঙ্ক তুলিলা।
আন ভক্ত সবে ৰাম চৰণক
 যথাযোগ্য সাদৰিলা ॥৪৪॥
শুনিয়োক লোক  নু দুষিবা মোক
 কথা আগপাছ দেখি।
যেখন যি কথা মনত পৰয়
 তেখনে তাহাক লেখি॥৪৫॥
আৰো কত কত ন পৰে মনত
 ন ধৰিবা ইটো দোষ।
কহয় দৈত্যাৰি  কৰা উচ্চ কৰি
 শঙ্কৰ মাধৱ ঘোষ॥৪৬॥