পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৩৫৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২৮
[৬৬ অ
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত

 শিৱবৰে বুলিলন্ত ॥২৪।
বঙ্গদেশী মত  লৈলে এহেঁ আতা
 শুনিয়া ৰামচৰণ।
খঙ্গিয়া বােলন্ত  পৰিহাস মােক
 নােবোলা ইটো বচন॥২৫॥
আনাে বেলা পৰি— —হাস বচনক
 তুমিয়াে সহা আমাৰ ।
আমিয়ো তােমাৰ  সহোঁ, ইটো বাক্য
 ন পাৰিবো সহিবাৰ ৷২৬৷৷
তুমি জানা প্রাণ  যান্তো বঙ্গদেশী
 মতক ধৰিবো আমি।
তেহেঁ বােলা আতা  নেদেওঁ বােলন্ত
 কিয় দিলা বােল তুমি ॥২৭৷
কোনখানি বঙ্গ-  -দেশী মত কোৱাঁ
 বােলন্ত ৰামচৰণ।
তেহে বােলে বঙ্গ  -দেশীয়াে বােলয়
 পুছিলি এহ্ন বচন ॥২৮৷৷
তুমি থৈছা যৈত  তৈতে আছি আমি
 দি আছা যি তাকে খাওঁ ।
যিটো আজ্ঞা দি  আছা তাকে কৰোঁ
 যৈকে পঠা তেকে যাওঁ ॥২৯৷৷
হেন শুনি ৰাম— —চৰণে বোলন্ত
 বঙ্গদেশী মত কোন।