পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৩৫২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২৪
[ ৬৬ অ
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত

দোষ গুণ যত তুমি সি শকত
 ৰাখিবে জানা খেদিবে ॥৫॥
আমাক শঙ্কৰ- -দেৱে থাপা নাই
 এতেকে জানা আমাৰ।
ৰাখিবে খেদিবে দোষক দেখিবে
 নাহিকয় অধিকাৰ॥৬॥
আতে শতধনু (১) ৰাজা কথা তুলি
 মাধৱদেৱে কহিলা।
পুৰাণৰ কথা বুলি দামোদৰ
 -দেৱে তাক ন মানিলা॥৭॥
মাধৱে বোলন্ত  শ্ৰীধৰ স্বামীয়ো
 পুৰাণৰ উক্তি তুলি।
টীকা কৰিলন্ত এহে ন মানন্ত
 পুৰাণৰ কথা বুলি॥৮॥


 (১) শতধনু বধঃ শতধনু যাদৱ বংশীয় এজন ৰাজকুমাৰ। জতুগৃহত পাণ্ডৱৰ মৃত্যুৰ সংবাদ শুনি, বাতৰি লবলৈ কুৰু প্ৰদেশলৈ যাওঁতে, অক্ৰুৰ আৰু কৃতবৰ্ম্মাই শতধনুৰ হতুৱাই সত্ৰাজিতক হত্যা কৰায়। সত্ৰাজিতক মাৰি, স্যমন্তক মণি লৈ পলাই যায়। কুৰুপ্ৰদেশৰ পৰা উলটি আহি এই বাৰ্ত্তা পাই শ্ৰীকৃষ্ণই শতধনুক বধ কৰিলে, কিন্তু স্যমন্তক মণি নাপালে। মৃত্যুৰ আগতে শতধনুৱে অক্ৰুৰৰ হাতত মণি দি গৈছিল। এতিয়া শ্ৰীকৃষ্ণই সকলোৰে সন্দেহ দূৰ কৰিবলৈ বুলি অক্ৰুৰক মণি দেখুৱাবলৈ বুলি কলে। অক্ৰুৰে তাকে কৰাত শ্ৰীকৃষ্ণই পুনৰায় স্যনন্তক মণি অক্ৰুৰকে

দি দিয়ে।