পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৩৪৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩১৬
[ ৬৫ অ
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত


দশোদিশে লোকে সবে চাহিবে আসিল।
গৃহৰ কথাক সিটো ৰাজায়ে শুনিল॥১৪॥
শুনা সাধুজন ঘৰ যেখনে পাতন্ত।
তেখনে ঈশ্বৰ শক্তি এক দেখাইলন্ত॥
একগোটা চতি চাঞ্চি জোখা কৰিলেক।
লগাইবাক নিল দুই হাত নাটিলেক॥১৫॥
সমস্ত ভকত মনে দুঃখ কৰি ৰৈল॥
শুনা তাত পাছে আৰো যেন কথা ভৈল॥
প্ৰভাতে মাধৱদেৱে বোলন্ত শ্ৰীৰাম।
আসা যাওঁ আৰু বাঢ়ি আছে এক কাম॥১৬॥
এহি বুলি শ্ৰীৰাম সহিতে চলি গৈলা।
আটে নাটে জুখি চোঁৱা মাধৱে বুলিলা॥
হেন শুনি বোলন্ত মথুৰাদাসে বাক।
দুই হাতে নাটে কিয় লাগৈ জুখিবাক॥১৭॥
সবে ভক্ত বোলে আক জুখি আছোঁ কালি।
দুই হাতে নাটে আক কি হৈবে জুখিলি॥
আন এক চতি আনো সবে যাই চলা।
জুখিয়ো মাধৱদেৱে পুনৰপি বোলা॥১৮॥৷
বোলন্ত মথুৰা দাসে কিসক জুখিব।
কালি যে নাটিল সিটো আজি কি আটিব॥
বোলন্ত শ্ৰীৰাম আতৈ জুখি চাহিয়োক।
আটিব বাপুৰ বাক্য কিয় নুহিবেক॥১৯॥
তথাপি নোজোখে কেহোঁ মাধৱে দেখিয়া।