পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৩৩২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০৪
[৬৩অ
শ্ৰীশ্ৰীশঙ্কৰদেৱ মাধৱদেৱ চৰিত


প্ৰধান গৃহস্থ হাল চাৰি পাঞ্চ খান।
ধেনু গাই আছে গোটা বাৰ ষোল মান॥৩৬॥
তথাপিতো ভাত আন্টি খাইবে নপাৰয়।
আৰো টকা আশী মান পৰৰ ধাৰয়॥
দিনেক মাধৱদেৱে পুছিলন্ত তান্ত।
কহিয়োক মিতা তুমি ইহাৰ বৃত্তান্ত॥৩৯॥
কিবা হেতু ভাত আন্টি খাইবে নপাৰিয়।
আৰো বোলা ভালে গুটি টকায়ে ধাৰিয়॥
দেখিয়ো আশ্চৰ্য্য বৰ তভো কি কাৰণ।
আটিব নোৱাৰো তেঁহে বুলিলা বচন॥৪০॥
আৰ্জ্জনো আছয় বৰ তথাপি কিসক।
ন জানোহোঁ বাপ নপাৰিয় আন্টিবাক॥
তোমৰা ঈশ্বৰ কহিয়োক কি কাৰণ।
শুনি তাঙ্ক বুলিলন্ত মাধৱে বচন॥৪১॥

—খেতিয়কৰ অধৰ্ম্মাচৰণ—
অধৰ্ম্ম কৰাহা তোৰা মনে গুণি চোৱা।
বোলে তিনি প্ৰহৰক লাগি হাল বোঁৱা॥
দুপৰত বিনে দোষ হাল চহিবাক।
বাসি গাৱে ভাত খোঁৱা গুণি চোৱা তাক॥৪২॥
কিছু ৰাত্ৰি থাকন্তে ৰান্ধনী গাৱ ধুই।
ৰান্ধিবাক যাই পাছে পৰভাত হুই॥
সেহিতো ৰান্ধনী আনি দেই বাঢ়ি ভাত।
বাসি গাৱ হুই নুই কহিয়ো সাক্ষাত॥৪৩॥