পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৩১৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮৬
[৬০
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত।

মাধৱে বােলন্ত বােলা উদাসীন হক।
যদি ৰাম চৰণে ৰান্ধিয়া দিব মােক॥৪॥

—উদাসীন হােৱাত ৰামচৰণৰ আপত্তি—
শুনি ৰামচৰণক বোলে নাৰায়ণ।
উদাসীন হুয়া ৰান্ধা ঠাকুৰৰ অন্ন॥
শুনি ৰাম চৰণে বোলন্ত ন পাৰিবো।
নুহিকো ৰান্ধিবে যােগ্য অন্য সেৱা কৰিবাে॥৫॥
নাৰায়ণ ঠাকুৰে বােলা দুঃখ পাৱনিকি।
গৃহ বাসে থাকি সুখাধিক পাইবা কি॥
তথাপি বোলন্ত ন পাৰিবাে ৰান্ধিবাক।
কৈলা নাৰায়ণে মাধৱৰ আগে আক ॥৬॥
শুনি দেৱ মাধৱে বােলন্ত বােলা সবে।
ৰামচৰণে ৰান্ধোক কি বােলা দেখা আবে॥
গৃহ বাস এৰিবে ভাৰসা ন কৰিল।
এতেকে ন জানি অন্ন যিমান ৰান্ধিল॥৮॥
আৰো বাৰ বােলা ঘৰ দুৱাৰ এৰােক।
মােহােৰ লগত সিটো উদাসীন হৌক॥
শুনি নাৰায়ণে গৈয়া বুলিলন্ত তাঙ্ক।
বােলা ৰামচৰণে নােৱাৰো মই আক ॥৮৷৷
গৃহ বাস এৰিবাক ন পাৰিবো মনে।
এহি মতে বোলাবুলি মাস দিন মানে৷৷
দক্ষিণ কুলীয়া বিষ্ণু আতৈ বুলিলন্ত।