পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৩০৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৯অ]
২৮১
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত।

বােলা পুথি পঢ়া ৰামচৰণ মাধৱে।
শুনি পঢ়িবাক তেবে লাগিলা উৎসৱে॥১০॥

—অশুদ্ধ পুথি—

লাঠিকাটা ‘জ’ দিবে লাগয় যথাত।
পুখুৰীয়া “য” দি আছন্ত তথাত॥
পুখুৰীয়া লাগৈ যথা লাঠিকাটা তাত৷
বৰ ‘ও’ দিলে ‘ঞ’ লাগে জানা যাত।১১৷৷
‘ইয়’ দিলে ‘উৱ’ যত লাগয় দিবাক।
‘ৱ’ৰ ঠাইত বৰ 'ও' যে দিলেক॥
যেন মতে লিখি আছে তেমনে পঢ়ন্ত ।
কি পঢ়স বুলি খঙ্গি মাধৱে মাতন্ত ॥১২॥
তেহেঁ বুলিলন্ত যি আছে পঢ়ো তাকে।
পুনৰপি বােলা চাওঁ আছে নিকি আকে॥
তেহেঁ বােলা এই আছে মাধৱে বােলন্ত ।
চাহিয়ো অদ্ভুত গুৰু, অচ্যুতে চাহন্ত॥১৩॥
অচ্যুতে বােলন্ত আত হুই এহি আছে।
কোনে লিখি দিল বুলি পুছিলন্ত পাছে॥
কহিল মুৰাৰী মই লেখিলোঁ আপুনি ।
খঙ্গিলা মাধৱদেৱে হেন কথা শুনি ॥১৪॥
হায়ৰে পাপীৰ পাপী কি তই কৰিলি।
ক ফলাক পঢ়িয়া তই লিখ ৰত্নাৱলী॥
পূৰ্ব্বত ৰাক্ষস তই আছিলি পাপিষ্ঠ।