পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৩০৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭৮
[৫৮অ
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত


গােপাল আতাই  বাৰ গুটি কল
 দিয়াইলন্ত ভকতক।
আঢ়া ভৈল বুলি  তােমাঠেক নিদি
 থৈয়াছো কল চৰক ॥২৮॥
মাধৱে বোলন্ত  ভাল কৰিলন্ত
 দিলন্ত কল ভক্তক।
ভকতে ভােখত  দুঃখ পাইলে ঐক-
 আনিলা কল কিসক ॥২৯॥
যিমান আছয়  তাকে আনি দিয়া
 সিটো আঢ়া নুহিকয়।।
ভকতক দিলে  হৰিৰ সন্তোষ
 জানিবা আক নিশ্চয় ॥৩০॥
শুনি হেন বাণী  গুৰু কল আনি
 দিলা মাধৱৰ আগে।
ভকত সকল  সমে পাছে কল
 ভুঞ্জিলন্ত অনুৰাগে ॥৩১৷৷
ভক্তৰ সন্তোষে  হৰিয়ো সন্তোষ
 জানা আক সাধু নৰ।
ভক্ত তুষ্ট কৰা  ভৱ নদী তৰা
 মাধৱ বুলি শঙ্কৰ ॥৩২॥