এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭৪
[৫৮অ
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত
সিদ্ধ অন্ন ঈশ্বৰক দিবে নপাই শূদ্ৰ তই
অদেয় নপাস ভুঞ্জিবাক॥৫॥
দিয়ােক সিদ্ধান্ত আৰ নুহি অন্ন এৰিবাৰ
জানিবা নিশ্চয় লাগিলেক।
শুনিয়া সবাৰো মনে সংশয় মিলিল, কেহোঁ
ন পাৰিলা উত্তৰ দিবাক॥৬॥
পাছে কতােক্ষণে আছি পুছিলা মাধৱ দেৱে
মৃদু মৃদু কৰি ব্ৰাহ্মণক।
তােমাঠেৰ দাস দাসী আছে নাই কিছু মান
নিষ্ঠ কৰি আতৈ কহিয়ােক ॥৭॥
ব্রাহ্মণে বােলন্ত কেনে নুহিবেক দাস দাসী
দুই চাৰি আছয় আমাত।
মাধৱে বোলন্ত কিছু তােমাঠেক আগে দেই
তাৰাক তােমৰা দিলে ভাত ॥৮॥
দ্বিজে বলে তাৰা কেন আমাক দিবাক অন্ন
আমাৰ নফৰ তাৰ সবে।
শুনিয়া মাধৱে হাসি বোলন্ত আমাক কেনে
ঈশ্বৰক দিবে বােলা তেবে ॥৯৷৷
কায় বাক্য মনে আমি কৃষ্ণত বিক্রয় গৈলাে
এতেকেসে কৃষ্ণৰ সেৱক।
ভক্ষ্য ভােজ্য বস্তু যত এতেকে কেমনে আৰ
দিবো আমি ঈশ্বৰ কৃষ্ণক ॥১০৷৷
শুনিয়া ব্রাহ্মণে উঠি মাধৱদেৱক পিঠি