এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬০
[৫৫অ
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত।
হুয়া আছে মােৰ এতেক।
ইপাত খৰম যেহি দিলে মােক
সিপাটো সেহি দিবেক॥১২৷৷
তান্ত বিনা আনে আনি দেয় মানে
ধৰম আমি ন লৈবো।
দিলে সেহি জনে দেখিবা তেখনে
খৰম আমি পিন্ধিবাে॥১৩৷৷
শুনিয়া মাধৱ দিলা দীর্ঘ ৰাৱ
সবে ভক্ত আসিয়ােক।
ঈশ্বৰক কোনে এহ্ন বিড়ম্বন
কৰি আছা কহিয়ােক॥১৪৷৷
শুনি সমস্তয় ভৈলন্ত বিস্ময়
কি বােল আতা বােলন্ত।
একোটো আশয় ন পায়া নিশ্চয়
নামাতি সবে ৰৈলন্ত॥১৫৷৷
পাছে কতোক্ষণে বুলিলা বচন
নম্র ভাৱে বুঢ়া ৰাম।
কৰক মুচৰি মৃদু মৃদু কৰি
মই পাপিষ্ঠৰ কাম॥১৬৷৷
—দেৱতাতকৈ ভক্ত শ্রেষ্ঠ—
শুনিয়োক ৰাম কিয় এহ্ন কাম
কৰিলা মাধৱে বােলা।