পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/২৮৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫৮
[৫৫অ
শ্ৰীশ্ৰশঙ্কৰদেৱ-মাধৱদেৱ চৰিত

 যেন ভৈল শুনা তাক॥১॥
মাধৱদেৱৰ  আলধৰা এক
 ভকতৰাম নামত।
কৃষ্ণক চিন্তিবে  লাগিলন্ত সাঙ্গ
 কৰি নৃত্য কর্ম্ম যত॥২॥

—মানস মূর্ত্তি পুজা—

তাহান মনত  ভৈলাহি বেকত
 ভগৱন্ত কৃপাময়৷
কৃষ্ণক পূজিবে  আৰম্ভিল তেবে
 দিয়া দ্রব্য মনােনয়॥৩॥
মনতে আসন  দিলন্ত বসিবে
 মনতে পাদ্য় দিলন্ত।
মনতে সুগন্ধ  তৈল কৰি দিল
 সুগন্ধ জল দিলন্ত॥৪॥
স্নান কৰিবাক  দিলা পিন্ধিবাক
 ত্রিপট্ট পীত বসন।
একখন আনি  খৰম দিলন্ত
 নতু দেন্ত আব খন॥৫॥
হেন সময়ত  মাধৱ আসিয়া
 উকাশি দিলা চোতালে৷
ৰামে দেখি হাতে  পিৰা খন লই
 উঠি গৈলা তত কালে ॥৬॥