এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[৪৯অ
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধবদেৱ চৰিত
শুনিয়া শঙ্কৰে পাছে বুলিলস্ত
আস বােপা ৰামানন্দ।
মেলি দুয়াে হাত সাৱটি গলত
ধৰিলা পায়া আনন্দ ॥১০৷৷
—পুত্ৰক উপদেশ দান—
বােলা পুত্ৰ বুলি নাহি স্নেহ তােক
সামান্য যেন মনত।
আজি তােক প্রতি স্নেহ ভৈল আতি
ঘটিল সম্বন্ধ যত ॥১১৷৷
মােৰ প্ৰসাদত সংসাৰ তৰিত
চিন্তা কিবা আছে তােৰ।
আতি অপ্রয়াসে সংসাৰ তৰিবি
যদি বাক্য কৰ মােৰ ॥১২।৷
যিহেতু সংসাৰ তৰিবাৰ বস্তু
আমাত তই পুছিলি।
এতেকে আমাক পৰম আনন্দ
ৰামানন্দ তই দিলি ॥১৩।৷
আবৰো এক বার্তা কহহো তােমাত
মােৰ গুণ যশ যত৷
বল পৰাক্রম শক্তি ভক্তি পন্থ
সবে আছে মাধৱত ॥১৪৷৷