এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৯অ]
২২৭
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত
কাৰ্য্যীয়ে কহিল শঙ্কৰ নাহিল
গাৱখানি মন্দ কৰে।
অসন্তোষে ৰাজা ৰহিল শুনিয়া
যেন কথা তাত পৰে ॥৫৷৷
তিন দিন ভৈলে ৰামানন্দে বােলে
আতাৰ নাপৰা টান ।
ন জানি কি হয় বুলি মহাশয়
পুছিলন্ত বিদ্যমান ॥৬৷৷
—ৰমানন্দৰ প্রার্থনা—
আতা শুনিয়ােক সুখী ভৈল লােক
তােমাত বস্তুক পাই।
মই একো বস্তু নপালাে তােমাত
কহিয়াে মােত বুজাই ॥৭৷৷
শুনিয়া শঙ্কৰে খঙ্গি বুলিলন্ত
কি পুছ তই মােত।
যিবা আছে ঘৰে মােৰ, তােৰাৰে
আৰ কিবা দিবাে তােত ॥৮৷৷
হেন বুলিলন্ত আবে আছে মােত,
তাক নাে খােজোহোঁ আমি।
সংসাৰ তৰিবে বস্তু খােজোঁ এবে ,
তাক দিয়াে মােক তুমি ॥৯৷৷