পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/২৪২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১৪
[৪৬অ
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত

ভাগৱত মিলি দিয়া কৰা পদ বন্ধে।
শুনিয়া মাধৱে পদ কৰিলা আনন্দে।৷
দেৱানৰ আগে পদ শঙ্কৰে দিলন্ত।
পদ দেখি দেৱানে প্রশংসা কৰিলন্ত ॥১৪৷৷

সপ্তচত্বাৰিংশ অধ্যায়

-দেৱ দামােদৰৰ বৃত্তান্ত—

আছন্ত শঙ্কৰদেৱ বৰপেটা থানে।
এককালে যেন ভৈল শুনা সাৱধানে।৷
দামােদৰ গুৰু নামে বিপ্র একজন।
গৃহবাসে থাকন্তে মৰিল ভাৰ্য্যা তান॥১॥
বৌৱেখান দুইখানি ভাতিজ আছয়। (১)
কৰা কৃষি তাসম্বকে পুষিবে লাগয়।৷


 (১) দামােদর দেৱ :—এখেতৰ পিতৃৰ নাম শতানন্দ আৰু মাকৰ নাম সুশীলা। শতানন্দৰ তিনিজন পুত্ৰ আৰু এজনী জীয়েক আছিল। বৰজন পুতেক সৰ্ব্বেশ্বৰ, মাজুজন ৰত্নাকৰ আৰু সৰুজন দামােদৰ। সৰ্ব্বেশ্বৰৰ অপুত্রক অৱস্থাত পত্নী বিয়ােগ হয়। আৰু সেই কাৰণতেই তীর্থ লৈ যায়, তাতে মৃত্যু হয়। ৰত্নাকৰৰ দুগৰাকী ভাৰ্য্যা—প্রথমা ভাৰ্য্যাৰ পুত্র শ্রীকৃষ্ণ, দ্বিতীয়া ভাৰ্য্যাৰ পুত্র মুকুল আৰু ভীম। ভীম লৰাকালতে কালপ্রাপ্ত হয়। দামােদৰ দেৱৰ পত্নীৰ প্ৰসূতা ৰোগত মৃত্যু হয়। (দামােদৰ দেৱৰ চৰিত্ৰ—১৩৬ পৃঃ কৃষ্ণ মিশ্র)। উল্লিখিত দুইখানি ভাতিজ শ্রীকৃষ্ণ ও মুকুন্দ।