পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/২৪০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১২
[৪৬অ
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত

দেখি তাঙ্ক কমললােচনে বুলিলস্ত।৷
কি কৰা খুড়া তুমি ৰাম-ৰাম-ৰাম।
শুনি ৰতিকান্তে পাছে ভৈলা উপশাম ॥৩৷৷
বােলন্ত তুমিসি বাপু মই বলাে দদা।
পুথি লিখি চালিত থাকন্ত বসি সদা ।৷
সাক্ষাতে দাদা যেন দেখিলো তােমাক।
এতেকেসে নমস্কাৰ গৈলাে কৰিবাক ॥৪৷৷
দাদাৰে তোমাৰে কিছু নুহি বিলক্ষণ।
এক সমসৰ বাপু তােৰা দুইজন।৷
এহিমতে কথা কহি দুয়ােজন আছে।
ঘৰ হন্তে আসিলা শঙ্কৰদেৱ পাছে ॥৫৷৷
চালিত আসিয়া পীৰাখানে বসিলন্ত।
দেখি ৰতিকান্তে নমস্কাৰ কৰিলন্ত ।৷
কি ভৈল বুলিয়া পাছে শঙ্কৰে পুছিলা।
শঙ্কৰত ৰতিকান্তে সমস্তে কহিলা ॥৬৷৷
ৰহিলা শঙ্কৰদেৱ হাসি তাঙ্ক চাই।
ৰতিকান্ত শঙ্কৰদেৱৰ হােন্ত ভাই।৷
শুনিছা মাধৱ দলৈ নাম আছিলন্ত। (১)
তানে পাে-নাতি হােন্ত জানা ৰতিকান্ত ॥৭৷৷
আত অনন্তৰে কথা শুনা সাধুনৰ।
গৈলা পুনু ৰামানন্দ ঠাকুৰ শঙ্কৰ।৷


 (১) দ্বিতীয় অধ্যায়-৯-ৰতিকান্ত অদ্বৈতবাদী ব্ৰহ্মজ্ঞানী আছিল।